(৫) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ বাখ্যা কৰা ?

 (৫)   ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ বাখ্যা কৰা ?


উত্তৰ : ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ তলত বাখ্যা কৰা হ'ল -


১. গনতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন - এখন গনতান্ত্রিক দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই দেশৰ সুস্থ নাগৰিকৰ ওপৰত সেয়েহে  আয়োগে উপযুক্ত নাগৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে . আয়োগৰ মতে ছাত্র-ছাত্রীৰ সুস্থ চিন্তাধাৰা , সুস্থ সামাজিক সমাযোজনা , সামাজিক ন্যায় , প্ৰকৃত দেশ প্ৰেম , সহনশীলতা আদি গুন সমুহ বিকাশ কৰি তুলিব লাগিব ।


২. বৃত্তিগত যোজনা উন্নত কৰা - ছাত্র- ছাত্রী সকলক শাৰিৰীক শ্ৰমৰ প্ৰতি মৰ্যদা প্ৰদান কৰিবলৈ শিকাব লাগিব  আৰু নিজৰ চাহিদা পুৰন কৰিব পৰাকৈ কৃষি-বাণিজ্য ব্যৱসায় আদি বিষয়সমুহ  পাঠ্যক্ৰমত অন্তভুক্ত কৰিব লাগিব ।


৩. ব্যক্তিত্বৰ বিকাশ সাধন -  মাধ্যমিক শিক্ষাৰ আন এক উদ্দেশ্য হৈছে শাৰিৰীক ,মানসিক তথা আধ্যাত্মিক দিশৰ উন্নতি সাধন কৰি ছাত্র-ছাত্রীৰ সম্পুৰ্ন ব্যক্তিত্ব গঢ়ি তোলা।


৪. নেতৃত্বৰ বাবে শিক্ষা - মাধ্যমিক স্তৰতে ছাত্র- ছাত্রীয়ে সাহিত্য , কলা , বিজ্ঞান উদ্যোগ আদি সকলো দিশতে দায়িত্ব লব পৰাকৈ উপযুক্ত ভাবে গঢ় দি তোলা ।

***

Comments

Popular posts from this blog

How I Built Daily Discipline in 60 Days – An Honest Interview on Self-Discipline

How Beginners Can Start Freelancing and Earn Money Online in India

How to Start a Blogger Blog – Complete Beginner Guide