০উত্তৰ:

এক কথাত কবলৈ গলে পৰিবেশ মানে আমাৰ চাৰিও ফালে থকা জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টি । এই বিশ্ব খনত পৰিবেশীয় উপাদান নাথাকিলে বৰ্তমানে আমি আৰু এই পৃথিৱী নামৰ গ্ৰহও নাথাকিলে হয় ।

 মানৱ প্ৰজাতি আৰু গোটেই বিশ্বৰ জীয়াই ৰখাৰ  বাবে ভাল পৰিবেশৰ আৰু প্ৰদূষণমুক্ত হোৱাৰ  প্ৰয়োজন ।
#ইয়াত কথা হল পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়  ? 
উত্তৰ :
পোনপটীয়া কৈ আৰু বিতং ভাবে যদি আমি পৰিৱেশ প্ৰদূষণৰ সংজ্ঞা দিওঁ তেন্তে এই দৰে কব পাৰো ।
পৃথিৱী ব্যাপী গোটেই জীৱমণ্ডল আৰু জড় মণ্ডলক আগুৰি থকা এক নিৰ্দষ্ট ঠাই যদি বিশেষ কাৰকৰ ফলত মানুহ আৰু জীৱ জগতৰ লগতে ,ৰাসায়নিক আৰু জৈৱিক জগতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এক কু প্ৰভাৱ ।
#পৰিবেশ প্ৰদূষণ কৰা বিশেষ কাৰক বোৰ কি কি ?
উত্তৰ:
প্ৰদূষণৰ কাৰক বহুতো হব পাৰে যেনে ।
১, অনিষ্ট কাৰী বেক্টেৰিয়া।
২, মৰা জীৱ জন্তু ।
৩, ৰাসায়নিক কাৰখানা ।
৪, গাড়ী মটৰ ইত্যাদি 
#প্ৰদূষণ কাৰী বস্তুবোৰ কি ? 
উত্তৰ : যি বোৰ জীবিত আৰু ভৌতিক পদাৰ্থই  তাপ , শক্তি, আদি বোৰ অধিক পৰিমানত উপস্থিত থাকি পৰিবেশৰ ওপৰত কু প্ৰভাব পেলায় সেই বোৰেই প্ৰৰদূষন কাৰি বস্তু ।
#ভিন্ন প্ৰকাৰৰ প্ৰদূষণ 
বায়ু প্ৰদূষণ 
পানী প্ৰদূষণ 
মাটি প্ৰদূষণ
শব্দ প্ৰদূষণ 
@বায়ু প্ৰদূষণ মানে কি ? 
উত্তৰ 
 আমাৰ চাৰিও ফালে থকা বায়ুমণ্ডলত যেতিয়া ভিন্নপ্ৰকাৰৰ ধূলিকনা আৰু বেক্টেৰিয়া ৰ লগতে ডাঙৰ ডাঙৰ ৰাসায়নিক কাৰখানাৰ ধুৱাই কৰা কু প্ৰভাৱকেই বায়ু প্ৰদূষণ বুলি কব পাৰো ।
@পানী প্ৰদূষণ কি ?
উত্তৰ 
 পৃথিৱীত থকা জলপৃষ্ঠৰ পানী ত যেতিয়া বিষাক্ত দ্ৰব্য আৰু বেক্টেৰিয়াই কু প্ৰভাৱ পেলায় , আৰু জল মণ্ডলৰ জীৱবোৰৰ জীৱনত আৰু পৰোক্ষ ভাবে  মানৱ জাতিৰ কৰ্ম স্থলৰ লগতে খাদ্যত অন্ধকাৰ আনি তোলে তাকেই পানী প্ৰদূষণ বোলে ।
@মাটি প্ৰদূষণ কি ?
উত্তৰ 
কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত আৱৰ্জনা , ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমে তাকেই মাটি প্ৰদূষণ বোলে।
@শব্দ প্ৰদূষণ কি ? 
উত্তৰ 
ভিন্ন প্ৰকাৰৰ কোলাহল যুক্ত ঠাইত বা গাড়ীমটৰৰ পৰা ওলোৱা হৰণে এক প্ৰকাৰৰ প্ৰদূষণ কৰে তাক শব্দ প্ৰদূষণ কব পাৰো ।