স্কুলৰ(skhole) সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ ?
স্কুলৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ ?
answer : স্কুল শব্দটি গ্ৰীক শব্দ 'Skhole' ৰ পৰা আহিছে যাৰ অৰ্থ 'leisure' বা অৱসৰ ।স্কুল শব্দটি কিমান পুৰণি সেই সম্পৰ্কে সঠিক অনুমান কৰিব পৰা নাযায় । অবসৰৰ অৰ্থ হৈছে জিৰণি সময় উপভোগ । অনুমান কৰিব পাৰি যে প্ৰাচীন গ্ৰীক সমাজ ব্যৱস্থাত সাধাৰণ শিক্ষাৰ দুৱাৰ সকলোৰে বাবে মুকলি নাছিল । সমাজৰ উচ্চ শ্ৰেণীৰ লোক সকলে আজৰি সময়ৰ সৎৱ্যৱহাৰ কৰিবলৈ এক নিৰ্দিষ্ট ঠাইত একগোট হৈ সমাজৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিছিল । সামাজিক , ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ইত্যাদি বিভিন্ন দিশ আলোচনা কৰি , বিকাশ সাধনৰ ক্ষেত্ৰত অৱদান যোগাবলৈ তেওঁলোকে মুক্তিবাদি চিন্তাৰ জৰিয়তে নিজ সংস্কৃতিক আগুৱাই নিবলৈ পৰ্যমানে চেষ্টা কৰিছিল । যিহেতু এই ভাবধাৰা শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত , গতিকে তাৰপৰাই স্কুল শব্দটি গ্ৰীক সমাজত আনুষ্ঠানিক শিক্ষাৰ মাধ্যম হিচাপে মানৱ জীৱনত অৱসৰ সময় অৰ্থপূৰ্ণ ভাৱে কটাবলৈ বিশেষভাৱে সহায় কৰিছিল ।
বিভিন্ন শিক্ষাবিদ,সমজবিদ, চিন্তাবিদে স্কুলৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে । তলত কিছুমান শিক্ষাবিদ,সমজবিদ, চিন্তাবিদৰ সংজ্ঞা আগবাঢ়োৱা হল ।
১)অ'টাৱেই(Ottaway): সমাজখন কৰিবলৈ যুৱক সকলক বিশেষভাৱে শিকন দিয়াৰ বাবে বিদ্যালয়ক এক সামাজিক আৱিষ্কাৰ বুলি কব পাৰি।(Regarded as a social intention to serve sociaty for the specialized teaching of young)
২) জে.এচ.ৰ'চ (J. S. Ross)ৰ মতে "সমাজৰ সুদক্ষ সদস্য আৰু সুস্থ সমযোজনৰ বাবে যুৱকসকলক প্ৰস্তুত কৰাৰ উদ্দেশ্য সভ্য মানুহে বিকাশ কৰা অনুষ্ঠান সমূহেই হৈছে বিদ্যালয় । "
(institutions developed by civilized man for the perpose of aiding in the preparation of the young to be well- adjusted and efficient members of the society.)
৩) জন ডিউই(John Dewey) ৰ মতে, স্কুল হৈছে বিশেষ পৰিৱেশ যত জীৱনৰ নিৰ্দিষ্ট গুণ আৰু নিৰ্দিষ্ট কাৰ্যক্ৰম আৰু জীৱিকা সমূহ প্ৰদান কৰা হয় । গ্ৰহণযোগ্য পথেৰে যত শিশুৰ বিকাশৰ উদ্দেশ্য জড়িত থাকে । special environment where a certain quality of life and certain types of activities and accusations are provided with the object of securing the child's development along desirable line's.)
গতিকে দেখা যায় যে স্কুল হৈছে এখন ঠাই যত সংস্কৃতিৰ সংৰক্ষণ , উন্নতি আৰু হস্তাতৰ কৰা হয় ; সভ্যতাৰ সমৃদ্ধ কৰা হয় , নাগৰিকত্বৰ বাবে লৰা- ছোৱালীক প্ৰস্তুত কৰা হয় আৰু ছাত্ৰ - ছাত্ৰীৰ শাৰীৰিক , বৌদ্ধিক , নৈতিক , বিত্তীয় আৰু সামাজিক প্ৰয়োজন পূৰণ কৰা হয় ।
স্কুলৰ বৈশিষ্ট্য (characteristics of school) :
স্কুলৰ কেতবোৰত নিৰ্দিষ্ট বৈশিষ্ট্য পৰিলক্ষিত হয় । যেনে :
১) শিক্ষণ আৰু শিকা প্ৰক্ৰিয়াত স্কুল হৈছে এক বিশেষ পৰিৱেশ ।
২) স্কুল হৈছে এক অনুষ্ঠান যত শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰতক্ষ যোগাযোগ সম্ভৱ হয় ।
৩) স্কুলে শিক্ষাৰ্থীৰ জীৱনৰ মানদণ্ড গুণগত ৰূপে গঢ়ি তোলাৰ বাবে জীৱনৰ সৈতে জড়িত কাৰ্যসূচী আৰু অভিজ্ঞতা প্ৰদান কৰে ।
৪) স্কুলে সভ্য সমাজ গঢ়ি তুলি ব্যক্তিক সমাজত সমাযোজনত সহায় কৰে ।
৫) সময়ৰ সলনিৰ লগে লগে স্কুলৰ ভূমিকা আৰু লক্ষ্য সলনি হৈ থাকে ।

Comments
Post a Comment